ধৰ্মীয় নীতি-নিয়ম, উৎসৱ পালন আৰু অন্যান্য কিছুমান আঁচনি


  

মইনাপৰীয়া গাওঁ বৈষ্ণৱ ধৰ্মৰ নীতি নিয়মেৰে সকলো ধৰ্মীয় উৎসৱ পালন কৰি অহা এখন হিন্দু গাওঁ । নামঘৰ প্ৰতিষ্ঠা হোৱাৰ কালৰে পৰা নাম-কীৰ্ত্তন, পাঠ-প্ৰসংগ অনুষ্ঠিত কৰি অহাৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি, দুয়োজনা মহাপুৰুষৰ জন্মোৎসৱ আৰু শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰি আহিছে । পৰম্পৰা অনুসৰি নামঘৰটিত পবিত্ৰ ভাদ মাহত মাহযোৰা নাম-প্ৰসংগ প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ উপৰিও মাহৰ বিশেষ কেইটামান দিন আৰু তিথিত নাম-প্ৰসংগ ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়। এই তিথি আৰু দিন কেইটা হ’ল - প্ৰতি মাহৰ সংক্ৰান্তি, শুক্লা একাদশী, কৃষ্ণা একাদশী, পূৰ্ণিমা, প্ৰতি দেওবাৰ, প্ৰতি বৃহস্পতি বাৰ আৰু প্ৰতি মাহৰ ( অসমীয়া) ১৫ তাৰিখ । প্ৰতি বছৰৰ জেঠ মাহত গাঁৱৰ আইসকলে নামঘৰত নাম-প্ৰসঙ্গ আৰম্ভ কৰে । নামৰ অন্তত বাৰ্ষিক সবাহ পাতি সামৰণি মৰা হয় । সামৰণি অনুষ্ঠানত সময় সাপেক্ষে একোখনি ভাওনা পতা হয় । ইয়াৰ উপৰি চ’ত মাহৰ দ্বিতীয় দেওবাৰে বাৰ্ষিক বৰসবাহ পতা হয় । হৰিৰ গুণানুকীৰ্ত্তনৰ লগতে মইনাপৰীয়া নামঘৰ সমাজে শংকৰি কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু গাঁৱৰ আৰ্থ-সামাজিক আদি বিষয়ত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি আহিছে । শংকৰি কলা-কৃষ্টি চৰ্চাৰ বাবে বিদ্যালয় প্ৰতিষ্ঠা কৰি গাঁৱৰ নতুন প্ৰজন্মক সত্ৰীয়া নৃত্য, বৰগীত, গায়ন-বায়ন আদি শিকাই অহা হৈছে । মহাপুৰুষ দুজনাৰ জীৱন, দৰ্শন, সাহিত্য, নৃত্য, বাদ্য, গীত, শিল্প আদি কথাবোৰৰ সামান্য অংশ অসমৰ লেখক-চিন্তাবিদ সকলৰ নব্য চিন্তাধাৰাৰ লেখাৰে গ্ৰন্থ জগতখনলৈ কিঞ্চিত অৰিহণা আগবঢ়োৱাৰ মানসেৰে মইনাপৰীয়া নামঘৰ সমাজে গ্ৰন্থ প্ৰকাশ কৰিছে। দৰিদ্ৰ ৰোগীক চিকিৎসা ন‍্যাসৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান, কৃৰ্তি ছাত্র-ছাত্ৰীক শৈক্ষিক ন‍্যাস দ্বাৰা জল-পানী প্ৰদান, এম্বুলেঞ্চ সেৱা প্ৰদান আদি জনকল‍্যানমূলক আঁচনিৰে আধ‍্যাত্মিক দিশৰ লগতে গাঁৱৰ সমাজখনক সকলো দিশতে আগবঢ়াই নিয়াৰ চেষ্টা কৰি আহিছে।