নামঘৰ পৰিচালনাৰ এটি চমু আভাস


  

মইনাপৰীয়াবাসীৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীজন মইনাপৰীয়া নামঘৰৰ সাধাৰণ সদস্য । নামঘৰটিৰ উদ্দেশ্যসমূহ ৰূপায়িত কৰিবৰ বাবে সাধাৰণ সভাৰ দ্বাৰা নিৰ্বাচিত এখন কাৰ্যকৰী সমিতি আছে । সাধাৰণ সভা আৰু কাৰ্যকৰী সভাৰ কাৰ্যকাল দুবছৰ । সাধাৰণ সভাত নামঘৰৰ বহিঃ আৰু আভ্যন্তৰীণ কামসমুহ পৰিচালনা কৰিবৰ বাবে নামঘৰৰ নিয়মাৱলীত নিদিষ্ট কৰা কিছুমান উপ-সমিতি দুবছৰীয়া কাৰ্যকালৰ বাবে গঠন কৰা হয় । ইয়াৰ উপৰি আৱশ্যক অনুসৰি অস্থায়ী কিছুমান উপ-সমিতি গঠন কৰা হয় । কাৰ্যকৰী সভাৰ পদসমুহ হ’ল - সভাপতি, উপ-সভাপতি, সম্পাদক, সহকাৰী সম্পাদক, কোষাধ‍্যক্ষ, আভ্যন্তৰীণ হিচাপ পৰীক্ষক। পদবীত উপবিষ্টসকলে মইনাপৰীয়া নামঘৰ সমাজৰ নিয়মাৱলীয়ে নিৰ্দ্ধাৰণ কৰি দিয়া দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ বাধ্য। আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ উপৰি শেষত নামঘৰৰ আয়-ব‍্যয়ৰ হিচাপ পৰীক্ষা চাৰ্টাড একাউণ্টেনৰ দ্বাৰা কৰোৱা হয় ।

২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ কাৰ্যকৰি সভাৰ সভাপতি আৰু সম্পাদক
শ্ৰী জীৱন বৰকোচ - সভাপতি - দূৰভাষ:৯৪০১২৮৯৩২৪
শ্ৰী শৈলেন দত্ত - সম্পাদক - দূৰভাষ:৬৯০০৪৪৮০১০