মইনাপৰীয়া নামঘৰ


  

ভক্তিধৰ্মৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা সত্ৰ-নামঘৰে পৰৱৰ্তী সময়ত ব‍্যাপক প্ৰসাৰতা লাভ কৰি অসমৰ চুকে-কোণে প্ৰতিস্থা হোৱা নামঘৰসমূহৰ ভিতৰৰে এক মইনাপৰীয়া নামঘৰ । বৰ্তমান ২২২ ঘৰ মানুহে বসবাস কৰা ১২শৰো অধিক জনসংখ্যাৰে পৰিপূৰ্ণ গাঁওখনৰ একমাত্র নামঘৰটি ৩০০ বছৰতকৈও অধিক পুৰণি । নৃসিংহ প্ৰভূৰ মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰা নামঘৰটিৰ আধ‍্যাত্মিক দিশৰ লগত জড়িত বহু অলৌকিক ঘটনা-উপঘটনা বৰ্তমান লোক কথাত পৰিণত হৈছে । নামঘৰটিৰ প্ৰধান বিশেষত্ব হৈছে ভগৱানৰ দশ অৱতাৰৰ এক অৱতাৰ নৃসিংহ প্ৰভূৰ মূৰ্তি আৰু নৃসিংহ যাত্ৰা ভাওনা । নৃসিংহ প্ৰভূৰ মূৰ্তি প্ৰতিষ্ঠা ক্ষেত্ৰত এটা সপোনৰ কথা জড়িত হৈ আছে । গাওঁবাসীয়ে দীক্ষা লৈ অহা শ্ৰী শ্ৰী পটিয়ৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰী শ্ৰী লোকনাথ গোস্বামীদেৱক নৃসিংহ প্ৰভূৱে মইনাপৰীয়া নামঘৰত স্থায়ীভাৱে থকাৰ ইচ্ছা প্ৰকাশ কৰি দেখুৱা সপোনৰ নিৰ্দেশনা অনুসৰি নামঘৰটিত নৃসিংহ প্ৰভূৰ মূৰ্তি স্থাপন কৰা হয়। তেতিয়াৰে পৰা অৰ্থাৎ ১৯২৩ চনৰ পৰা ধাৰাবাহিকতা ৰক্ষা কৰি প্ৰতি বছৰে গাওঁবাসীয়ে নিজাকৈ ভাদ মাহৰ সংক্ৰান্তিত নৃসিংহ যাত্ৰা ভাওনা অনুস্থিত কৰি আহিছে । নামঘৰটিৰ অলৌকিক মহিমাৰ বিশ্বাসেৰে অসমৰ বিভিন্ন স্থানৰ পৰা ভক্তসকলে নৃসিংহ প্ৰভুৰ আশীৰ্বাদ বিচাৰি আগবঢ়োৱা নৃসিংহ যাত্ৰা ভাওনাখনি প্ৰতি বছৰে ২০ ৰ পৰা ২৫ খনলৈকে অনুস্থিত হয় । অসমৰ বিভিন্ন স্থানৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অগণন লোকে সেৱা কৰিবলৈ অহা মহিমামন্দিত মইনাপৰীয়া নামঘৰে ইতিমধ্যে আঞ্চলিকতাৰ পৰিধি ভেদি বৃহত্তৰ আধ‍্যাত্মিক চৰ্চাৰ কেন্দ্ৰলৈ পৰিণত হোৱাৰ লগতে অসমৰ ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপেও পৰিগণিত হ’বলৈ ধৰিছে ।